Skip to main content
Source
Asomiyapratidin
https://www.asomiyapratidin.in/national/bjp-list-top-received-over-rs-250-crore-as-donations-through-electoral-trusts
Author
Asomiya Pratidin
Date

২০২২-২৩ বৰ্ষত দেশৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বা ইলেক্টোৰেল ট্ৰাষ্টৰ মাধ্যমেৰে অনুদান হিচাপে লাভ কৰিলে ৩৬৩ কোটি টকা। ইয়াৰে সৰ্বাধিক অনুদান লাভ কৰিলে কেন্দ্ৰত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে।

দেশৰ মুঠ ৩৯ টা কৰ্পোৰেট গোষ্ঠী তথা ব্যৱসায়ীয়ে আগবঢ়োৱা মুঠ ৩৬৩ কোটি টকাৰ অনুদানৰ ৭০ শতাংশৰো অধিক লাভ কৰিলে বি জে পিয়ে। এছোচিয়েচন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছে কৰ্পোৰেট সংস্থাৰ পৰা ৰাজনৈতিক দলসমূহে পোৱা প্ৰাপ্ত অনুদানৰ হিচাপ দাখিল কৰিছে।

তাত প্ৰকাশ পোৱা অনুসৰি ২০২২-২৩ অৰ্থনৈতিক বৰ্ষত বিজেপিয়ে লাভ কৰিলে ২৫৯ কোটি ৮ লাখ টকা। এই তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাওৰ দল বি আৰ এছ অৰ্থাৎ ভাৰত ৰাষ্ট্ৰ সমিতি। তেওঁলোকে লাভ কৰিছে ৯০ কোটি টকা।

মুঠ ইলেক্টোৰেল বণ্ডৰ ভিতৰত মুঠ ২৫ শতাংশ অনুদান। এই তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে ৱাই এছ আৰ কংগ্ৰেছ আৰু আম আদমী পাৰ্টি। আশ্চৰ্যজনকভাৱে এই তালিকাৰ পঞ্চমস্থানতহে আছে কংগ্ৰেছ। এনে পৰিস্থিতিৰ বাবেই কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ জনসাধাৰণৰ পৰা সাহাৰ্য বিচাৰি অভিযান চলাইছে।