Skip to main content
Source
Assam News
https://assam.news18.com/news/nation/mizoram-assembly-election-2023-out-of-174-candidates-in-mizoram-114-are-crorepatis-tv-biju-subham-g-337009.html
Author
BIJU KUMAR DEKA
Date
City
Mizoram

এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে ৷ ইয়াৰ বিপৰীতে ১১৪ জনৰ সম্পত্তি এক কোটি টকাৰো অধিক বুলি প্ৰকাশ পাইছে এক প্ৰতিবেদনত।

অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ৪০ আসনযুক্ত মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে ৷ ইয়াৰ বিপৰীতে ১১৪ জনৰ সম্পত্তি এক কোটি টকাৰো অধিক বুলি প্ৰকাশ পাইছে এক প্ৰতিবেদনত। এই প্ৰতিবেদন প্ৰস্তুত কৰিছে Association for Democratic Reforms (ADR) আৰু Mizoram Election Watch এ ৷ এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে মিজোৰাম ২০২৩ৰ বিধানসভা নিৰ্বাচনত (Mizoram Assembly Election 2023) প্ৰতিদ্বন্দিতা কৰা ১৭৪ গৰাকী প্ৰাৰ্থীয়ে নিজে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত ৷ প্ৰতিবেদনত কোৱা হৈছে যে ১৭৪ জন প্ৰাৰ্থীৰ ভিতৰত ৬৭ জন ৰাষ্ট্ৰীয় দলৰ, ৪০ জন ৰাজ্যিক দলৰ, ৪০ জন পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত দলৰ আৰু ২৭ জন প্ৰাৰ্থীয়ে নিজাববীয়াকৈ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা মতে, ১৭৪ জন প্ৰাৰ্থীৰ ভিতৰত সাতজন (চাৰি শতাংশ) প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে শপতনামাৰ জৰিয়তে ৷ উল্লেখযোগ্য যে ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত বিশ্লেষণ কৰা ২০৯ জন প্ৰাৰ্থীৰ ভিতৰত ৯ জন (৪ শতাংশ) প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে বুলি ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত অপৰাধমূলক গোচৰ ঘোষণা কৰা ৭ গৰাকী প্ৰাৰ্থীয়ে গুৰুতৰ অপৰাধমূলক গোচৰ আছে বুলি সদৰি কৰিছিল ৷ ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত চাৰিজন (দুই শতাংশ) প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ঘোষণা কৰিছিল বুলি সদৰি কৰিছে শেহতীয়া প্ৰতিবেদনে ৷

ADRৰ প্ৰতিবেদনত কোৱা হৈছে যে জোৰাম পিপলছ মুভমেণ্ট (ZPM)ৰ পৰা প্ৰতিদ্বন্দিতা কৰা ৪০ জন প্ৰাৰ্থীৰ ভিতৰত চাৰিজন (১০ শতাংশ), বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰা ২৩ জন প্ৰাৰ্থীৰ ভিতৰত দুজন (৯ শতাংশ) আৰু মিজো নেছনেল ফ্ৰণ্ট (MNF)ৰ ৪০ জন প্ৰাৰ্থীৰ ভিতৰত এজন (তিনি শতাংশ) প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ ৷ ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ২০৯ জন প্ৰাৰ্থীৰ ভিতৰত ১১৬ জন (৫৬ শতাংশ)ই কোটিপতি হোৱাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৭৪ জন প্ৰাৰ্থীৰ ভিতৰত ১১৪ জন (৬৬ শতাংশ) কোটিপতি।

প্ৰতিবেদনত উল্লেখ কৰিছে,  “MNFৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰা ৪০ জন প্ৰাৰ্থীৰ ভিতৰত ৩৬ জন (৯০ শতাংশ), কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰা ৪০ জন প্ৰাৰ্থীৰ ভিতৰত ৩৩ জন (৮৩ শতাংশ), ZPMৰ পৰা প্ৰতিদ্বন্দিতা কৰা ৪০ জন প্ৰাৰ্থীৰ ভিতৰত ২৯ জন (৭৩ শতাংশ), BJPৰ পৰা প্ৰতিদ্বন্দিতা কৰা ২৩ জন প্ৰাৰ্থীৰ ভিতৰত ৯ জন (৩৯%), AAPৰ পৰা প্ৰতিদ্বন্দিতা কৰা চাৰিজনৰ ভিতৰত এজন (২৫%) আৰু ২৭ জন নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত ছয়জনে (২২ শতাংশ) এক কোটি টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ গৰাকী বুলি শপতনামা যোগে ঘোষণা কৰিছে ৷”

ইয়াৰ লগতে ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি ৪.৯০ কোটি টকা বুলিও উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত ২০৯ জন প্ৰাৰ্থীৰ প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি আছিল ৩.১১ কোটি টকা। “দলসমূহৰ ভিতৰত প্ৰতিদ্বন্দিতা কৰা ৪০ জন কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি ৬.২৪ কোটি টকা, প্ৰতিদ্বন্দিতা কৰা ৪০ জন ZPM প্ৰাৰ্থীৰ গড় সম্পত্তি ৬.০৫ কোটি টকা, MNFৰ ৪০ জন প্ৰাৰ্থীৰ গড় সম্পত্তি ৫.৪৯ কোটি টকা, ২৩ জন BJP প্ৰাৰ্থীৰ গড় সম্পত্তি ৫.০৯ কোটি টকা আৰু চাৰিজন AAP প্ৰাৰ্থীৰ গড় সম্পত্তিৰ মূল্য ১.৯৫ কোটি টকা”; প্ৰতিবেদনত কোৱা হৈছে ।

লংটলাই পশ্চিম (ST) বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা BJPৰ প্ৰাৰ্থী জে বি ৰুৱালচিংগা হৈছে ৰাজ্যৰ সৰ্বাধিক ধনী প্ৰাৰ্থী । তেওঁ শপতনামা যোগে ঘোষণা কৰিছে যে তেওঁ ৯০.৩২ কোটি টকাৰ সম্পত্তিৰ গৰাকী ৷ তেওঁৰ পিছতে ৫৫.৬৩ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছে চেৰচিপ (ST) বিধানসভাৰ আসনৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ ভানলাল্টলুয়াংগাই ।

চম্পাই উত্তৰ (ST) বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ZPMৰ প্ৰাৰ্থী এইচ জিনজালালাৰ সম্পত্তিৰ পৰিমাণ ৩৬.০৯ কোটি টকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। চেৰচিপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী ৰামহলুন-এডেনাই ১৫০০ টকাৰ সম্পত্তি ঘোষণা কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত ১১১ (৬৪ শতাংশ) প্ৰাৰ্থীয়ে শপতনামাত দায়বদ্ধতা ঘোষণা কৰা বুলিও উল্লেখ কৰা হৈছে ৷ হাচেক (ST) বিধানসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী লালৰিণ্ডিকা ৰালটে ৬.২১ কোটি টকাৰ সম্পত্তিৰ তুলনাত ৩.৮২ কোটি টকাৰ দায়বদ্ধতা ঘোষণা কৰিছে ।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে ৪৩ পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতা ৫ম আৰু দ্বাদশ শ্ৰেণীৰ ভিতৰত বুলি ঘোষণা কৰাৰ বিপৰীতে ১২৮ (৭৪%) পৰীক্ষাৰ্থীয়ে স্নাতক বা তাতকৈ অধিক শিক্ষাগত অৰ্হতা থকা বুলি ঘোষণা কৰিছে । প্ৰতিবেদন মতে দুজন প্ৰাৰ্থী ডিপ্লমাধাৰী আৰু এজন প্ৰাৰ্থী নিৰক্ষৰ ।

ইফালে ১৯ (১১%) প্ৰাৰ্থীয়ে বয়স ৩১ৰ পৰা ৪০ বছৰৰ ভিতৰত ঘোষণা কৰাৰ বিপৰীতে ১০৫ (৬০ শতাংশ) প্ৰাৰ্থীয়ে ৪১ৰ পৰা ৬০ বছৰৰ ভিতৰত বয়স বুলি ঘোষণা কৰিছে ৷ ৫০ জন (২৯ শতাংশ) প্ৰাৰ্থীয়ে নিজৰ বয়স ৬১ৰ পৰা ৮০ বছৰৰ ভিতৰত ঘোষণা কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত ১৮ গৰাকী (১০ শতাংশ) মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ২০১৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনত বিশ্লেষণ কৰা ২০৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮(৯%) মহিলা আছিল বুলি ইয়াত আলোকপাত কৰা হৈছে ।